Lyrics: Kongkon Kaushik Bordoloi Music: Kongkon Kaushik Bordoloi/Ayon Jyoti Nath সুৰ সজা বহাগী কুলি লুকাল বাৰুদৰ ভয়ত, বহলাই বহা বগলি জাকেও ধুলে শৰীৰ তেজত সপোনতো ভয় ,দিঠকতো ভয়, পোহৰত ভয় কিয়? অজলা সেই ৰামধেনুত অগ্নিৰ বৰষুণ কিয়? হিমালয় যদি নোৱাৰে আকাশ চুব কৌৰ দানৱ তহঁত আকাশত লুইত বোৱাৱ সময় আৰু তেজেৰে নুধুৱাবি আইৰ কোলা উদং নকৰিবি জন অৰণ্যৰ হাঁহি নুমুচিবি কাৰেং সজা প্ৰজাক নোজোকাবি, মা মোক আকৌ কোলাতে লোৱা দুবাহুৰ মাজতে লুকুৱাই থোৱা মা মোক আকৌ শুৱাই থোৱা নোকোৱাকে শিয়ালী আইৰে কথা ঢাকি দিয়া মোক আচলেৰে ভয় লগা পৃথিৱীৰ পৰা দিয়ানা ঘূৰাই লৰালি মোৰ হৈ থাকো আপোন পাহৰা লগ পাম আকৌ সেই সুৰিয়া কুলিটোক বেলিয়ে আকৌ জোকাব ৰামধেনুক লৰালিৰে আশা নকৰিবি নেতাৰ ৰণত হাৰ নামানিবি উশাহ চুটি হলেও যুঁজি যাবি ভয় নকৰাকে যুঁজি যাবি