Lyrics: Kongkon Kaushik Bordoloi
Music: Kongkon Kaushik Bordoloi
তুমি শ্যামলীমা দেশৰে
অজানা নৰ্ত্তকী
গহণা ভঙা যে নাচোন
তুমি সৰা পাততে কিনো
নাচোনেৰে গছকা,
উভতি আহে যেন ফাগুন
তুমি আঁকি দিলা
জোনাকী মন আগেয়ে নেদেখা
মুকুতা সৰা আকাশৰ তলত
তোমাতেই সাঁথৰ মই
যদিও ভাল পাওঁ মই
কিয়নো তুমি সাধুৰ কাহিনী
ক'লা মেঘৰ আঁৰে লুকাল
হেৰোৱা ৰং তোমাৰ নামৰ,
আনাড়কলি যদি তুমি
নাচি নাচি লৈ আহা
ৰঙীন বৰষুণ মোৰ দেহত।
আজি মোৰ ঘুমতি দূৰ
আহানা ৰাতি মোৰ
জালিকতা তৰালীৰ ফাঁকেৰে
চামে সৌ কাঁচি জোন
আকাশে পিন্ধা নীলাৰ দৰে
মোকো পিন্ধোৱা
যাদুকৰী তোমাৰ ৰং
তোমাতেই সাঁথৰ মই
যদিও ভাল পাওঁ মই
কিয়নো তুমি সাধুৰ কাহিনী
ক'লা মেঘৰ আঁৰে লুকাল
হেৰোৱা ৰং তোমাৰ নামৰ,
আনাড়কলী যদি তুমি
নাচি নাচি লৈ আহা
ৰঙীন বৰষুণ মোৰ দেহত।