Lyrics: Maitrayee Patar
Music: Nilmani Phookan
কিন্কিন্ হেঙুলীয়াৰ মাজত
হঠাৎ উধাও
মোৰ তই সৰু চৰাই
নাঠঙা ছোৱালীজনীৰ টোপনিৰ
কিবা এটা নাম তই
কাৰ হাতত পেলাৱ কলি
ধান এইবাৰো নপকিল
তোৰহে চকুৰ পতাত ৰং
তইহে জানিলিহেঁতেন
এতিয়ানো কি ঋতু
মোৰ তই সৰু চৰাই
সাত সমুদ্ৰত
শংখ বাজিছে নে নাই