Music: Nipu Bhuyan লাহে লাহে আজি সপোন আহি বুকুত  শিপালে দূৰে দূৰে ৰোৱা হেঁপাহো আজি কাষতে ৰলে
মনৰ আঁউসী ভাঙি যেতিয়া জোন জ্বলে তুমি আহি নীৰৱে বুকুতে সামৰিলে প্ৰণয়ৰে কোঠালি উচাহে উপচে খৰালি হিয়াতে যেন বৰষা নামে
তুমিয়ে সপোন মোৰ ,তুমিয়ে দিঠক জানা তোমাতেই শেষ হয় ভাৱনা জীৱনে মৰণে সঁপিছোঁ তোমাক আঁকিছোঁ কত আল্পনাঃ
শয়নে সপোনে সাঁচিছোঁ তোমাক মোৰ দুচকুতে ৰোৱানা হিয়াৰে সাঁচতে , ৰাখিবা জানো মোৰ মৰমবোৰ কোৱানা
জীয়া হেঁপাহৰ ৰাগি লাগি ৰঙা আৱেগৰ হাঁহি সানি উকা বুকুতে কিনো শিপাই ?
দিয়া দুখৰ বিষ বাকী লোৱা ,সুখৰ পিয়লাটি চোৱা কাহিনীবোৰো ভগাই,,,
ৰ'লে তুমি কাষৰতে উন্মনা মনেও চাগে জিৰাব আচলৰ ছায়াতে ৰৈ কিনো সুৰ , মনতে বাজিব যি সুৰ বুকুৱে বুজিব থাকিব যেন বুকুৱে বুকুৱে বৈ
ৰিমিজিমি ৰিমিজিমি বাৰিষাৰে নৈ পোহৰৰে জিলিকনি জলঙাৰে গুণ গুণ ৰুণ ঝুন ৰুন ঝুন কৈ নাচিব ,বাঢ়িব ঢল মৰমৰ,,,
তুমিয়ে সপোন মোৰ ,তুমিয়ে দিঠক জানা তোমাতেই শেষ হয় ভাৱনা,, জীৱনে মৰণে সঁপিছোঁ তোমাক আঁকিছোঁ কত আল্পনাঃ