Lyrics: Gourang Bablu/Namita Sahara
Music: Gourang Bablu
লহিওৱা বেলিয়ে ৰং সিচিলে আকাশতে।
বিয়পে পক্ষীৰে কলৰপ বতাহতে।
লহিওৱা বেলিয়ে ৰং সিচিলে আকাশতে।
কাকলিত মুখৰ হৃদয়,
চৌদিশ মধুৰ গুঞ্জন।
কাকলিত মুখৰ হৃদয় চৌদিশ মধুৰ গুঞ্জন।
নৈৰ পাৰৰে কদম জুপি, ফুলিচে সৰিচে বিলায় সুৰভী ।
উৰি যা বগলী বগা বগা ডেউকা মেলি।
নৈৰে বুকুতে উচাহৰে ঢৌ।
ফুলৰ পাপৰি চুমিচে বনৰীয়া মৌ।
নৈৰে বুকুতে উচাহৰে ঢৌ।
ফুলৰ পাপৰি চুমিচে বনৰীয়া মৌ।
থপিয়াই আনিম যেন আকাশৰ হেঙুলীয়া।।
যৌৱনৰ সপোন আলসুৱা।
যৌৱনৰ সপোন আলসুৱা।
অঘৰী সপোনে সুহুৰি মাৰিলে পথত।
অষ্ট ৰাগৰ মুৰ্চনাত হৃদয় বীণা বাজে প্ৰতিতো ক্ষনত।।।।।