Lyrics: Paplu Chetia
Music: Pallab Talukdar
_হেই!
_হুম,কোৱা।
_টোপনি নাহে যে?
_আহিব..লাহেকৈ।
_ আছানে?
ভাৱি আছোঁ।
মই ভাৱি থকাৰ দৰে।
কাষলে আহানা উন্মাদ হোৱানা,
কাষলে আহানা স্পৰ্শৰ দাগ দিয়ানা।
আহানা অ……
কত' ৰাতি এনেকৈ জীয়াইছোঁ
অনেক সৰাফুল এনেকৈ গণিছোঁ
কত' ৰাতি এনেকৈ তিতিছোঁ
জেকি জেকি এনেকৈ শুকাইছোঁ
নিৰৱ নিৰৱ ৰাতিবোৰত
জীয়া জীয়া আৱেগবোৰত
_হেই মোক নুচুৱা?
ভাৱি আছোঁ।
মই ভাৱি থকাৰ দৰে।
অৰণ্যৰ সিপাৰে কোনেনো ৰিঙিয়াই
তুমিতো এতিয়া মোৰ নৈত উটিছাই
সুখৰ এই সময়
চকুমুদি দিলেও পোহৰ
উটি আছোঁ মই, চুমি আছোঁ অৰণ্যৰ পাৰ।
আহানা………
চোৱানা………
একেলগে পাৰ হওক এই সময়।
কাষলে আহানা উন্মাদ হোৱানা,
কাষলে আহানা স্পৰ্শৰ দাগ দিয়ানা।
আহানা অ……