Lyrics: Dipak Roy
Music: Sanjit Roy
সূৰ্যৰ দেশত সূৰ্য নাই
সিংহাসনত ৰজা নাই
একো নাই....
শূণ্য অসমীৰ কোলাত একো নাই
উদং অসমীৰ বুকুত একো নাই
বহমান লুইতখনো থমকি জিৰায়
যি সাগৰে প্ৰাণ কাঢ়িলে
তালৈ নাযায়
কোনজন শতৰুৱে তোমাৰ প্ৰাণ কাঢ়িলে
কোনে মৃত্যুৰ কৰুণ ছবি আকিলে
.........
দাদা আমি আমি ভাগৰা নাই
আমি আঁতৰা নাই
সাৰে আছো ও দাদা
শুৱ পৰা নাই
একো নাই ,একো নাই
একো নাই ,একো নাই
শূণ্য অসমীৰ কোলাত
একো নাই
উদং অসমীৰ বুকুত একো নাই
শান্তিৰে একোলা শোৱা দাদা
তুমি চাগে ভাগৰিছা
তোমাৰ ন্যায়ৰ বাবে
যুজিয়েই থাকিম
তুমি আমাক সাহস দিয়া
দাদা তুমি চাই আছানে
সোণৰ অসম জ্বলি আছে
আজি দেখোন ও দাদা
ন্যায় ও অসহায়
একো নাই ,একো নাই ,
একো নাই , একো নাই ,
শূণ্য অসমীৰ কোলাত
একো নাই
উদং অসমীৰ বুকুত
একো নাই
...............