Lyrics: Imon Kalyan
Music: Kallol Roy
আকাশৰ বুকুতে
সাজি এখনি ঘৰ
অলপ অলপকৈ মেঘবোৰ চুই চাম
ৰঙাকৈ বেলিটি
পুৱাতেই ওলালে
আইৰ মুখৰ গীততেই সাৰ পাম!
থাকিম তাতেই
মেঘৰ সতেই
জীৱনটো জীয়াম!
ৰং চঙীয়া হৈ চিত পখিলী
নাচি বাগি ফুৰাই মোৰ কাম
ৰ'দ বৰষুণৰ হাঁহি ধেমালি
দেখিলে তাতেই ৰৈ চাম!
দুখৰ বোজা, এন্ধাৰ ৰাতিৰ
নুবুজো নলও গম
আকাশৰে বোকোচাতে পাম
বিচাৰো যিমান মৰম!
উৰি ফুৰা পখীবোৰক
মনৰ কথা কম!
সাজিম কাচিম
জোনৰ সতে
তৰাকো জোকাম,
ৰং চঙীয়া হৈ চিত পখিলী
নাচি বাগি ফুৰাই মোৰ কাম
ৰ'দ বৰষুণৰ হাঁহি ধেমালি
দেখিলে তাতেই ৰৈ চাম!
নানাৰঙী চিলাবোৰো
চুব খোজো মই
সাতোৰঙী ৰামধেনু
হ'ব খোজো মই!
বেলিৰ ৰঙৰ আবিৰ আনি
মনতে বোলাম
থাকিম তাতেই
মেঘৰ সতেই
জীৱনটো জীয়াম!
ৰং চঙীয়া হৈ চিত পখিলী
নাচি বাগি ফুৰাই মোৰ কাম
ৰ'দ বৰষুণৰ হাঁহি ধেমালি
দেখিলে তাতেই ৰৈ চাম!