Ei Sohor

Lyrics: Anshuman Bora Music: Kabyashree Bora জ্বালামুখী এই চহৰ ঘূমটি হেৰাই, জুই লগায় গানৰ লাভাই কৰিছে পোহৰ গানৰ বতাহত কঁপিছে প্ৰহৰ মৰুভূমি এই চহৰ ফুল, পাহি শুকাই, জুই লগায় মৰীচিকা দূৰণিত, বাট এন্ধাৰৰ গানৰ উন্মাদনাত নিশা উজাগৰ আজি গানৰ বিজুলী মোৰ তেজৰ লহৰে লহৰে সুৰৰ উল্কা সৰে সপোন-সিক্ত আকাশৰে নিৰাশাৰ ৰাতিবোৰ পাৰ হৈ যায় জ্বালামুখী এই চহৰ ঘূমটি হেৰাই, জুই লগায় গান অবিহনে নেদেখি ডাৱৰ গান অবিহনে নিবিচাৰোঁ ঘৰ জ্বালামুখী এই চহৰ ঘূমটি হেৰাই, জুই লগায় গানৰ লাভাই কৰিছে পোহৰ গানৰ বতাহত কঁপিছে প্ৰহৰ