Kar Babe

Lyrics: Dhiman Sarma Music: Abhinov Bora কাৰ বাবে সাৰে ৰওঁ আজি কাৰ বাবে বাট চাওঁ কাৰ বাবে গীত গাই বাও জীৱনৰে নাও
বহু দিন ৰাতি হ’ল বহু ৰাতি পাৰ হ’ল আশাৰ বীণ হৈ নিশাৰ জোনাক লৈ তুমিও নাহিলা দেখোঁ প্ৰীতি গীত গাবলৈ তথাপিও ৰৈ যাওঁ তোমালৈয়ে বাট চাওঁ
নাই নাই শেষ বাট চোৱাৰ নাই নাই শেষ গীত গোৱাৰ দিন শেষ হোৱালৈ আৰু শেষ নিশালৈ আৰুতো একো নাই থাকোঁ মাথোঁ আশা লৈ তোমালৈয়ে বাটে চাওঁ তোমালৈয়ে বাটে চাওঁ তোমাৰেই গীত গাওঁ