Tumi Nai

Lyrics: Sumandeep chetia Music: Horen Gogoi মোৰ কাননৰ প্রতিপাহি ফুলে তোমাৰ বাতৰি সুধিছে .
তুমি নথকাৰ দুখ উপচাই নিৰৱে চকুলো টুকিছে .
তুমি নাই আজি নাই আজি নাই তুমি নাই আজি নাই আজি নাই .
তুমি নাই আজি নাই আজি নাই তুমি নাই আজি নাই আজি নাই ...
এটি দুটিকৈ সপোনবোৰ হেৰাই সৰাফুল বুটলি সমাধি সজায় .
বকুলৰ কলিটি পদূলিত হেৰাই গোলাপৰ পাপৰি মৰহি যায় .
ৰামধেনুৰ সাতোৰং মুঠিতে লুকাই বিষাদৰ বেদনাই কলিজা কঁপাই ....
মোৰ পদূলিৰ বকুল জুপিয়ে নিদিয়ে শোভা তুমি নহলে |
নেমাতে কুলিয়ে নিদিয়ে জাননী, শালিকী জনিয়েও জুৰিলে বিননী .
নদী খন ৰৈ যায় . তুমি নাই আজি নাই আজি নাই .
তুমি নাই আজি নাই আজি নাই তুমি নাই আজি নাই আজি নাই ....