Lyrics: Swaraj Priyo Music: Kabyashree Bora পাৰাপাৰহীন সময়ৰ ধাৰাসাৰ বুজনি, নেওচি কি সতে বেজাৰলে দিওঁ হাত মেলি ? আজিৰ বোকোচাত ফুচুলাই হাঁহি; থাকিব যদি পাৰা উমলি, সাজি জলঙা সুখৰ অকণমানি; সাঁচিব যদি পাৰা স্মৃতি, সাঁচি থোৱা, স্মৃতি সঁচা, স্মৃতি সঁচা-মিছাৰ বাহিৰৰ একোকে নাথাকে ৰৈ, খহি যায় সুখৰে ঢৌ, একোকে নাথাকে বৈ, শুকায় দুখৰো নৈ, এদিন জীৱনৰ শেষত জুমি চালেহে বুজিবা, এদিন সমাধিৰ বুকুত কাণ পাতি শুনিবা সকলো উশাহ, সকলো সপোন, সকলো মানুহে মেলানি মগাৰ পিছত ৰৈ যায় মাথোঁ স্মৃতি.. ৰৈ যায় মাথোঁ স্মৃতি.. সাজি জলঙা সুখৰ অকণমানি সাঁচিব যদি পাৰা স্মৃতি, সাঁচি থোৱা, স্মৃতি সঁচা, স্মৃতি সঁচা-মিছাৰ বাহিৰৰ সাঁচি থোৱা, স্মৃতি সঁচা, স্মৃতি সঁচা-মিছাৰ বাহিৰৰ