Lyrics: Dipu Dixit/Akash Pritom/Prasanta Boruah/Sunit Gogoi
Music: Akash Pritom
মৰম লাগিলে মৰম দিম
কথাহে দিব নোৱাৰিম ৷
ছোৱালী যে মই ঘৰৰ কথা
পেলাব নোৱাৰিম ৷
আছে যদি কপালতে তোৰ হৈয়ে ৰ’ম
মোৰে কলিজাতে মাথো তোক ৰাখি থ’ম ৷
তোমাক কথা এটি সুধিবলে মন যায়
যি কথা ক’বলে মোৰ বুকুখন ধপেধপাই ৷
চালি-জাৰি চালে তুমি নক’লেও পাবা বুজি(২)
ঐ জান ঐ.....মোৰ জান ঐ.....
ঐ জান ঐ.....মোৰ জান ঐ.....
হিয়া জুৰোৱা নয়ন জুৰিলৈ
চাওঁ চাওঁ চাওঁ মইনা ঐ
তোমাৰ কথা ভাৱি তোমাৰ কাষলৈ
যাওঁ যাওঁ যাওঁ লাগে ঐ
অ’ মুনমী চেতিয়া
বিয়া হ’বা কেতিয়া
ভনীজনীয়ে সুধি থাকে মোক
নবৌ আনিবি কেতিয়া(২)
নুবুজি তই বহনা
আমাৰে বুকুৰে বেদনা
ছোৱালী এটি জীৱনত
দুটিকৈ ঠিকনা
তোলৈ কিমান মৰম আছে চাগে বুজিছয়ে তই
তোৰ বাদে আনৰ মৰম নিবিচাৰো মই
কি যাদু কৰিলা মোক
ৰাতিও টোপনি নাই
সপোনতে চুমা দিও
তোমাক কাষতে পাই(২)
দিবানে নিদিয়া মৰম সঁচাকৈ
অকৰা অজলা মই পাগল তোমালৈ
হ’বানে নোহোৱা মোৰে সঁচাকৈ
অকৰা অজলা মই পাগল তোমালৈ
অ’ মই পাগল তোমালৈ
অ’ মই পাগল তোমালৈ ৷