Lyrics: Sasanka Samir
Music: Poran Borkatoky
চলচ্চিত্ৰ: ভাইমন দা
গীত: জ্যোতিৰ কাৰেং
সুৰ/সংগীত: পৰাণ বৰকটকী
কথা: শশাংক সমীৰ
কণ্ঠ: ৰূপম ভূঞা
স্থায়ী:
ৰ’দ ৰঙী জোনাকীৰ ফুল
কুঁহি মেলা এপাহ জীয়াঁ সপোন
সোণালী সাধুৰ সুতি
ৰূপোৱালী পটত আঁকি
যুগমীয়া আমাৰ জ্যোতিৰ কাৰেং
ৰঙ ধেমালীৰ মন কাহিনী
চৌপাশে বিয়পা সুৰ-বাহিনী
মৌ বৰষা হাঁহি পিন্ধি
জয়মতী আজিও ৰয় জিলিকি
ৰঙ ধেমালীৰ মন কাহিনী
চৌপাশে বিয়পা সুৰবাহিনী
মৌ বৰষা হাঁহি পিন্ধি
জয়মতী আজিও ৰয় জিলিকি
অন্তৰা:
কত শত মিঠা কথা
চিনেমাতেই গুঠি থোৱা
সুখে দুখে যুগে লিখি যোৱা
মায়া সনা বহু গাঁথা
সেউজীয়া সোঁৱৰণি
ই নতুন নহয় পুৰণি
সোণালী সাধুৰ সুতি
ৰূপোৱালী পটত আঁকি
যুগমীয়া আমাৰ জ্যোতিৰ কাৰেং
ৰঙ ধেমালীৰ মন কাহিনী
চৌপাশে বিয়পা সুৰ-বাহিনী
মৌ বৰষা হাঁহি পিন্ধি
জয়মতী আজিও ৰয় জিলিকি
ৰঙ ধেমালীৰ মন কাহিনী
চৌপাশে বিয়পা সুৰ সুবাসী
মৌ বৰষা হাঁহি পিন্ধি
জয়মতী আজিও ৰয় জিলিকি