Lyrics: Indranil Gayan Music: Zenith Gogoi হেৰালো ক'ত নিজকেই আজি বিচাৰি ফুৰিছো সমাধিৰ থলীত তোমাকেই পাহৰি যামেনো কিনো দূৰ সপোন বাটতে মেলিছো সুৰ তোমাৰেই নামতে নিগৰে চকুলো দিঠকক আদৰি সপোনক পাহৰো সময়ৰে খেলা আজি যে ধুমুহা সময়ে শিকালে আজি বহু কথা
তোক হেৰুৱাই মই কোন বাটে যাওঁ তোক হেৰুৱাই মই কোন বাটে চাওঁ কোন স'তে তোক মই জীয়াই থওঁ ওজৰ নধৰা ৰাতি এটাই উজাই অহা কথাকেই কয় মোৰ চকুৱে তোৰ শিল হোৱা চকুক চাব খোজে তোমাৰেই নামতে হেঙুলী আবেলি তোমাৰেই নামতে বেজাৰৰ গধূলি আধৰুৱা সপোন গলি শেষ হ'ল আজি তথাপি পোহৰত তোমাৰেই মুখখনি