Lyrics: Kumaresh Kaushik Music: Kumaresh Kaushik/Prasanta Saikia লাহি পাহী তোমাৰ দুগালত চুমা আকিম উমাল পৰশত
মনে মনে তোমাৰ উশাহত বিলিন হ'ম প্ৰতি পলকত
পলাশৰ ৰ'ঙ সানি লোৱা বুকুত হেজাৰ সপোন সজোৱা দুচকুত আহি মোৰ কিনো চোৱা দুবাহুৰ মাজতে ৰৈ যোৱা
ও ও ও....
সপোন সামৰি তুমি দিঠক হৈ আহা দুপাখি মেলি
হিয়াৰ কাৰেঙ খনিত সিচিলা মৰম এধানি
শুকুলা দাৱৰৰ ফুল বুতলি নীলাকৈ আকাশত ফুলিবা তুমি
ও ও ও.....
আপোন আপোন কৰি উদাশীন মন মোৰ নিলা উজাৰি
নিশাৰ মৰুভুমিত জোনাকৰ বৰষুণ হোলা তুমি
ৰ'দৰে আখৰেৰে লিখা তুমি আমাৰে জীৱন জোৰা কাহিনী
ও ও ও..