Lyrics: Jishan Changmai
Music: Jishan Changmai
কি দিলা কি পালা
মোৰে সুৰতে তুমি কোৱানা
বাৰিষা নামিছে
মোৰে বুকুলে তুমি চোৱানা
পাৰিজাত পাৰিজাত
তুমি মোৰ পাৰিজাত
মন আজি ভৰিছে
বৃষ্টিৰে বতৰাত
মেঘমল্লাৰৰ মিঠা ৰাগিনীতে
হেঁপাহৰে মধুৰ তান
চিনাকি সুৰৰ ঝংকাৰে
দিয়ে শিহৰণ
• • •
গুণ গুণ গুণ গুণ কথাৰে
মায়া সনা হাঁহিৰে
মেঘালীয়ে দিলে
কেঁচা মাটিৰ সুবাস
শুকান কলিজা উপচালে
বতাহত ভাঁহিলে
কাৰেনো কবিতা
সেউজে ঢাকে ধৰা
পাৰিজাত পাৰিজাত
তুমি মোৰ পাৰিজাত
মন আজি ভৰিছে
বৃষ্টিৰে বতৰাত
মেঘমল্লাৰৰ মিঠা ৰাগিনীতে
হেঁপাহৰে মধুৰ তান
চিনাকি সুৰৰ ঝংকাৰে
দিয়ে শিহৰণ
যেতিয়া নামে বৰষা
ধৰাৰ বুকুলে
যেতিয়া নামে বৰষা
ধৰাৰ বুকুলে
• •