Haate Haat Dhori

Lyrics: Mukunda Saikia Music: Hopun Saikia হাতে হাত ধৰি আজি, বহুদূৰ আহি পালোঁ। বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজোঁ। জীৱনৰ আবেলি, বুকুতেই বান্ধি আবেগৰ টোপোলাবোৰ , ভাগৰি পৰিলেও, খামুচি ধৰিম আজিও দেখোঁ আমি নতুন। হাতে হাত ধৰি আজি, বহুদূৰ আহি পালোঁ। বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজোঁ।
চাওঁ তোমাক, আজিও যদি পৃথিৱী বিচাৰি পাওঁ বৈ আছা নদীৰ দৰে মই যেন এখনি নাওঁ হৈ পোহৰ, কাঁচিয়লিৰ আঁকোৱালি লোৱা দুবাহুত কি পালোঁ, কি হেৰুৱালোঁ তুমি আছা যে সিয়ে বহুত। তুমি মই লিখোঁ কাহিনী সময়ৰ ফুল বুটলি, প্রজাপতি তাতে বৰণীয়া। সাৰে আছে আজি নিশাটি প্ৰণয়ৰে শুনি ৰাগিনী নাহিব যেন পুৱতি, হেঙুলীয়া। হাতে হাত ধৰি আজি, বহুদূৰ আহি পালোঁ। বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজোঁ। জীৱনৰ আবেলি, বুকুতেই বান্ধি আবেগৰ টোপোলাবোৰ , ভাগৰি পৰিলেও, খামুচি ধৰিম আজিও দেখোঁ আমি নতুন। হাতে হাত ধৰি আজি, বহুদূৰ আহি পালোঁ। বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজোঁ।